মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালক

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

কাৰ্য্যাৱলী

সঞ্চালকালয়ৰ প্ৰাথমিক কাৰ্য্যাৱলীসমূহ হৈছেঃ

  • স্নাতক আৰু ডিপ্লোমা উভয় স্তৰতে ৰাজ্যখনৰ কাৰিকৰী শিক্ষাৰ উন্নয়নৰ কাৰণে পৰ্য্যবেক্ষণ, নিয়ন্ত্ৰণ, প্ৰয়োগ আৰু কাৰ্য্যসূচীৰ পৰিকল্পনা কৰা।
  • স্নাতক আৰু ডিপ্লোমা উভয় স্তৰতে ৰাজ্যখনত অভিযান্ত্ৰিক অধ্যয়ন আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰা, নতুন কাৰিকৰী প্ৰতিষ্ঠান মুকলি কৰিবৰ কাৰণে নতুন পাঠ্যক্ৰমৰ স্বীকৃতি আৰু অনুমোদন জনোৱা।
  • গুণগত শিক্ষাৰ মান বজাই ৰাখিবৰ কাৰণে বিদ্যমান কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ নিৰীক্ষণ আৰু সাময়িক সমীক্ষাৰ পৰিচালনা কৰা।
  • ডিপ্লোমা পৰীক্ষাৰ আয়োজন আৰু ৰাজ্যিক কাৰিকৰী শিক্ষা পৰিষদৰ অধীনত সফল প্ৰাৰ্থীসকলক ডিপ্লোমাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা।
  • অসমৰ বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ত বি.ই. পাঠ্যক্ৰম আৰু এম.চি.এ. পাঠ্যক্ৰমত নামভৰ্তিৰ কাৰণে যুটীয়া নামভৰ্তিৰ টেষ্টৰ আয়োজন কৰিব লাগে।
  • চৰকাৰ আৰু সাহাৰ্যপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহক শৈক্ষণিক অনুমোদন মঞ্জুৰ কৰিব লাগে।
  • কৰিকৰী প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ কাৰণে ছাত্ৰ-ছাত্ৰীৰ নিৰ্বাচনৰ ক্ষেত্ৰত উপযুক্ত মানদণ্ড আৰু প্ৰক্ৰিয়া প্ৰদান কৰিব লাগে।
  • সাহাৰ্যপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহলৈ বিভিন্ন সুবিধা আৰু পুঁজি মুকলি কৰি দিব লাগে।
  • উচ্চতৰ শিক্ষাৰ কাৰণে শিক্ষকক নিৰ্বাচন আৰু নিযুক্তি দিব লাগে।
  • এন.ই.চি. আৰু ৰাজ্যিক ও প্ৰতিষ্ঠানগত মেধা বৃত্তি প্ৰদান কৰিব লাগে।
  • সংখ্যালঘূ মেধা সহ মিনচ্ বৃত্তিৰ কাৰণে প্ৰাৰ্থী নিৰ্বাচন কৰা।

উদ্দেশ্য

  • সন্মিলিত বিকাশৰ বাবে উচ্চতৰ আৰু কাৰিকৰী শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰা।
  • উচ্চতৰ আৰু কাৰিকৰী শিক্ষাৰ গুণগত মানৰ উন্নতি কৰা।
  • পাঠ্যক্ৰমৰ পুনঃঅন্তৰ্ভুক্তি আৰু নতুন পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি।
  • বৃত্তিগত পাঠ্যক্ৰম আৰু এককীকৃত কৌশল বিকাশৰ পৰিচয়।
  • অধ্যাপকৰ উন্নয়ন।