মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালক

অসমত নতুন কাৰিকৰী প্ৰতিষ্ঠানৰ বৃত্তান্ত

  • নলবাৰী কাৰিকৰী প্ৰতিষ্ঠান।

    নলবাৰী কাৰিকৰী প্ৰতিষ্ঠানখন অসমৰ নলবাৰী জিলাৰ এখন চৰকাৰী ডিপ্লোমা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখন চান্দকুচীত অৱস্থিত।

    প্ৰতিষ্ঠানখনে ৩-বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম প্ৰদান কৰে, যি ছাত্ৰ-ছাত্ৰীক ইঞ্জিনীয়াৰিঙৰ বিশেষ শাখাৰ, প্ৰযুক্তিগত কৌশল প্ৰদানত গুৰুত্ব দিয়ে। প্ৰতিষ্ঠানখনৰ সকলোবোৰ পাঠ্যক্ৰম, কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

    • কম্পিউটাৰ চায়েন্স আৰু ইঞ্জিনীয়াৰিঙৰ পূৰ্ণাংগ ডিপ্লোমা/ফুল টাইম ডিপ্লোমা।
    • ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ পূৰ্ণাংগ ডিপ্লোমা/ফুল টাইম ডিপ্লোমা।
    • প্ৰিণ্টিং টেকনোলজী/মুদ্ৰণ প্ৰযুক্তিৰ পূৰ্ণাংগ ডিপ্লোমা/ফুল টাইম ডিপ্লোমা।

    বৰপেটা কাৰিকৰী প্ৰতিষ্ঠান-

    গণককুছিত অৱস্থিত বৰপেটা কাৰিকৰী প্ৰতিষ্ঠান। বৰপেটা চহৰৰ পৰা ২.৫০ কিলোমিটাৰ আৰু বৰপেটা ৰোড ৰেল ষ্টেশ্যনৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰতিষ্ঠানখনে বৰপেটা মৌজাৰ অন্তৰ্গত, গণককুছি গাঁৱৰ ১৩ একৰ (৪০ বিঘা) ভূমি আৱৰি আছে (দাগ নং ১৩১৮ আৰু ১৩০৯)

    ঠিকনা – বৰপেটা কাৰিকৰী প্ৰতিষ্ঠান, গণককুছি, বৰপেটা, পিন – ৭৮১৩১৪।

    গোৱালপাৰা কাৰিকৰী

    ১১খন নতুন কাৰিকৰী প্ৰতিষ্ঠানৰ (পেকেজ নং, পলি-১৪) ভিতৰত গোৱালপাৰা কাৰিকৰী প্ৰতিষ্ঠানো এখন, যি ১ আগষ্ট,২০১৭ (২০১৭-১৮)ৰ পৰা পাঠদান আৰম্ভ কৰে। পূৱ গোৱালপাৰাৰ ৩০ মিঘা (৯.১৭ একৰ) ভূমি আৱৰি থকা প্ৰতিষ্ঠানখনৰ পশ্চিমে ডি.এন. সিংহা ষ্টেডিয়াম, উত্তৰে বেলতলা চাৰিআলি, দক্ষিণত আই.টি.আই, গোৱালপাৰা আৰু পূবত সেউজী আৱাসিক অঞ্চল। প্ৰতিষ্ঠানখন গোৱালপাৰা চহৰৰ ৰেল ষ্টেশ্যনৰ পৰা ২০ মিনিট আৰু বাছ আস্থানৰ পৰা ১০ মিনিটৰ দূৰত্বত অৱস্থিত। সেউজীয়াৰে আৱৰা প্ৰতিষ্ঠানখনৰ পৰিবেশ বৰ মনোমোহা।

    কামৰূপ কাৰিকৰী প্ৰতিষ্ঠান

    কামৰূপ কাৰিকৰী প্ৰতিষ্ঠানখন বাইহাটা চাৰিআলিত, অসমত ২১খন কাৰিকৰী প্ৰতিষ্ঠান স্থাপন কৰা আঁচনিৰ অধীনত ২০১৭ চনত অসম চৰকাৰে স্থাপন কৰিছিল। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰতিষ্ঠানখন ১.৫ কিলোমিটাৰ দূৰত্বত আৰু ৰঙিয়া, নলবাৰী আৰু গুৱাহাটীলৈ পথ আৰু ৰেল যোগাযোগ অতি সুবিধাজনক।

    বাক্সা কাৰিকৰী প্ৰতিষ্ঠান

    ২০১৭ চনত স্থাপন কৰা এঘাৰখন নতুন কাৰিকৰী প্ৰতিষ্ঠানৰ ভিতৰত বাক্সা কাৰিকৰী প্ৰতিষ্ঠানো এখন। বাক্সা জিলাৰ বেলগুৰি পথাৰত অৱস্থিত বি.টি.এ.ডিৰ প্ৰতিষ্ঠান, মুছলপুৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ আৰু বৰমাৰ পৰা ১৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত। কাৰিকৰী প্ৰতিষ্ঠানখনৰ মেকানিকেল, চিভিল আৰু কেমিকেল ইঞ্জিনীয়াৰিঙৰ ৬০জনকৈ ছাত্ৰৰ ক্ষমতাৰে তিনিটাকৈ শাখা থাকে।

    শোণিতপুৰ কাৰিকৰী প্ৰতিষ্ঠান

    থেলামৰাত অৱস্থিত শোণিতপুৰ কাৰিকৰী প্ৰতিষ্ঠানখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে ১ কিলোমিটাৰ, তেজপুৰৰ পৰা পশ্চিমে ২২ কিলোমিটাৰ আৰু ঢেকিয়াজুলিৰ পৰা পূবে ১০ কিলোমিটাৰ দূৰত্বত। প্ৰতিষ্ঠানখনে চিভিল ইঞ্জিনীয়াৰিং, মেকানিকেল ইঞ্জিনীয়াৰিং আৰু ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং এই তিনিটা শাখাত ডিপ্লোমা পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়াই আহিছে। কাৰিকৰী প্ৰতিষ্ঠানখনৰ শিক্ষাবৰ্ষ ১ আগষ্ট,২০১৭ৰ পৰা আৰম্ভ হয়।

    লক্ষীমপুৰ কাৰিকৰী প্ৰতিষ্ঠান

    ২০১৭ত অসম চৰকাৰে আৰম্ভ কৰা, লখিমপুৰ কাৰিকৰী প্ৰতিষ্ঠানখনে অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত, ৩ বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম প্ৰদান কৰে। কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰিষদ, নতুন দিল্লীৰ দ্বাৰা প্ৰতিষ্ঠানখন স্বীকৃতিপ্ৰাপ্ত আৰু কাৰিকৰী শিক্ষাৰ ৰাজ্যিক পৰিষদ, কাহিলীপাৰা, গুৱাহাটীৰ অধীনস্থ। প্ৰতিষ্ঠানখন গছাইবাৰী গাঁৱৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অধীনস্থ, এখন গ্ৰাম্য অঞ্চল খীৰাজখাট নামৰ ঠাইত অৱস্থিত। তাৰপৰা নাৰায়ণপুৰ চহৰলৈ দূৰত্ব ৮.৫ কিলোমিটাৰ আৰু বিহপুৰীয়ালৈ প্ৰায় ১০ কিলোমিটাৰ।

    ধেমাজি কাৰিকৰী প্ৰতিষ্ঠান

    ধেমাজি কাৰিকৰী প্ৰতিষ্ঠানখন সেউজীয়া বৃক্ষ আৰু পাতৰে আবৃত, মনোমোহা প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত আৰু ইয়াৰ উত্তে আছে অৰুণাচল পাহাৰ। ধেমাজি জিলা আৰু জোনাই মহকুমাৰ অন্তৰ্গত, চিমেন চাপৰি নামৰ এখন পিছপৰা অঞ্চলত প্ৰতিষ্ঠানখন অৱস্থিত। মহাবিদ্যালয়খনৰ কাষেৰে চিমেন চাপৰি বৈ গৈছে। আৰু ইয়াৰ প্ৰতিবেশী হিচাপে উত্তৰ আৰু পূবে অৰুণাচল প্ৰদেশ, পশ্চিমত লখিমপুৰ জিলা আৰু দক্ষিণত ব্ৰহ্মপুত্ৰ নদী। চিমেন চাপৰি মহাবিদ্যালয়খন দক্ষিণ-পূবৰ পৰা ২ কিলোমিটাৰ দূৰত্ব।

    শিৱসাগৰ কাৰিকৰী প্ৰতিষ্ঠান

    শিৱসাগৰ কাৰিকৰী প্ৰতিষ্ঠানখন, শিৱসাগৰ জিলাত অৱস্থিত এখন চৰকাৰী অভিযান্ত্ৰিক ডিপ্লোমা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন ডিমৌ বাছ আস্থানৰ পৰা ৪ কিলোমিটাৰ আৰু ডিব্ৰুগড় বিমান বন্দৰৰ পৰা ৭৯ কিলোমিটাৰ দূৰত্বত। প্ৰতিষ্ঠানখনৰ সঠিক অৱস্থান ডিমৌৰ, দেউৰী নদী আৰু তিলৈ নদীৰ মাজত অৱস্থিত বৰুৱাচংমাই গাঁৱত। প্ৰশাসনিক ভৱন, একাডেমীক ভৱন আৰু ছাত্ৰীনিবাসৰে সৈতে এটা প্ৰধান চৌহদ প্ৰতিষ্ঠানটোৰ আছে। আনহাতে অধ্যক্ষৰ কোৱাৰ্টাৰ, অধ্যাপক আৰু কৰ্মচাৰীৰ কোৱাৰ্টাৰ আৰু ছাত্ৰনিবাসে আগুৰি এটা আবাসিক চৌহদ আছে। ৰাষ্ট্ৰীয় ঘাইপথ নং ৩৭ৰ পৰা মোবাং অভিমুখী এন.চি.চি. পথে এই গোটেই এলেকাটোক দুটা চৌহদত ভাগ কৰিছে।

    গোলাঘাট কাৰিকৰী প্ৰতিষ্ঠান

    অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ২০১৭ চনত অসম চৰকাৰে প্ৰতিষ্ঠা কৰা এঘাৰখন নতুন কাৰিকৰী প্ৰতিষ্ঠানৰ অন্যতম এখন হল গোলাঘাট কাৰিকৰী প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰিষদ (এ.আই.চি.টি.ই.)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু ইঞ্জিনীয়াৰিঙৰ তিনিটা বিভাগ- চিভিল ইঞ্জিনীয়াৰিং, মেকানিকেল ইঞ্জিনীয়াৰিং আৰু বায়োমেডিকেল ইঞ্জিনীয়াৰিঙৰ ৬০জনকৈ ছাত্ৰৰ নামভৰ্তি ক্ষমতাৰে (প্ৰতিটো বিভাগত) মুঠ ১৮০জনলৈ ছাত্ৰক, ডিপ্লোমা পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰদান কৰে। ২০১৭ চনৰ ১আগষ্টৰ পৰা প্ৰতিষ্ঠানখনৰ শিক্ষাবৰ্ষ আৰম্ভ হয়। উলোতলিত অৱস্থিত প্ৰতিষ্ঠানখন ফৰকাটিং ৰেল জংচনৰ পৰা ৩ কিলোমিটাৰ, গোলাঘাট চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ আৰু তাৰ পৰা কাষৰ যোৰহাটৰ ৰুৰৈয়া বিমান বন্দৰ প্ৰায় ৫৫ কিলোমিটাৰ দূৰত্বত আছে। ৫.৯৫ একৰ (১৮ বিঘা ভূমিৰ এলেকাৰে প্ৰতিষ্ঠানখনৰ পৰিবেশ আৰু প্ৰাকৃতিক সৌন্দৰ্য, সেউজীয়া চাহ বাগিচাৰে আগুৰি এক আকৰ্ষণীয় ৰূপ দিছে আৰু অধ্যয়নৰ বাবে পৰিবেশটো বৰ অনুকূল।

    কৰিমগঞ্জ কাৰিকৰী প্ৰতিষ্ঠান

    অসম চৰকাৰে স্থাপন কৰা, ১১খন নতুন কাৰিকৰী প্ৰতিষ্ঠানৰে এখন কৰিমগঞ্জ কাৰিকৰী প্ৰতিষ্ঠান আৰু ২০১৭ চনৰ ১ আগষ্টৰ পৰা ইয়াৰ প্ৰথম শিক্ষাবৰ্ষ আৰম্ভ হয়। কৰিমগঞ্জ জিলাৰ মেইজগ্ৰামত কৰিমঞ্জ ৰেল ষ্টেচনৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত, প্ৰতিষ্ঠানখন অৱস্থিত সেউজীয়াৰে আৱৰি থকা মহাবিদ্যালয়খনৰ পৰিবেশ বৰ নান্দনিক। চিভিল ইঞ্জিনীয়াৰিং, ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং আৰু ইণ্ডাষ্ট্ৰীয়েল প্ৰডাকচন ইঞ্জিনীয়াৰিঙৰ তিনি-বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম মহাবিদ্যালয়খনে প্ৰদান কৰে।