মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালক

গৱেষণা আৰু উদ্ভাৱন

কাৰিকৰী শিক্ষাৰ নিৰ্বাচিত মূখ্য ক্ষেত্ৰসমূহত গৱেষণাৰ প্ৰচাৰ কৰা। গৱেষণা আৰু উন্নয়নৰ কাৰ্য্যসূচীক উচ্চ শিক্ষাৰ গুৰুত্বপূৰ্ণ উপাদান বুলি কোৱা হয়।যিহেতু, নতুন জ্ঞান তথা অন্তদৃষ্টি সৃষ্টি আৰু শিক্ষা ব্যৱস্থালৈ উ্তসাহ আৰু গতিশীলতা প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰৰ প্ৰয়োজন অনুসৰি বৃত্তিগত শিক্ষাৰ নিৰ্ধাৰণ কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা আছে।
গৱেষণা প্ৰচাৰ প্ৰকল্পৰ(RPS) ৰ উদ্দেশ্য হল বিভিন্ন কাৰিকৰী শিক্ষানুস্থানৰ শিক্ষক সকলৰ গৱেষণাৰ ক্ষমতা তথা পৰিবেশ সৃষ্টি কৰা আৰু উন্নত কৰা। আৰ পি এচ(RPS)ৰ লক্ষ্য অভিযান্তিক বিজ্ঞানত, গৱেষণাৰ প্ৰসাৰ আৰু নতুন প্ৰযুক্তিৰে নতুনত্ব আনি প্ৰতিস্থান সমূহত গৱেষণাৰ বাতাবৰন, পৰিবেশ সৃষ্টি কৰা আৰু স্নাতোকত্তৰ আৰু ডক্টৰেট ডিগ্ৰীধাৰীৰ সৃষ্টি কৰা যাতে দেশত গুণগত মানদণ্ডৰ শিক্ষক আৰু গৱেষকৰ সংখ্যা বাঢ়ে। আগ্ৰহী শিক্ষকে আবেদন প্ৰত্ৰৰ আৰ্হি, http.// www.aicts.india.org/dounloads/rps5.pdf. ৰ পৰা ডাউনলড কৰি লব পাৰে। প্ৰস্তাৱত প্ৰকল্পৰ উদ্দেশ্যৰ স্পষ্ট বিবৃতিৰ লগতে, প্ৰকল্পৰ বিষয়, প্ৰয়োজনীয় আহিলাৰ বৰ্ণনা আৰু গৱেষণাৰ আন আন সুবিধা সমূহ আৰু প্ৰকল্পৰ পৰা প্ৰত্যাশিত সম্ভাৱনা সম্পৰ্কে উল্লেখ থাকিব লাগিব।

উদ্ভাৱনী প্ৰচাৰআঁচনি

এই আঁচনিয়ে প্ৰতিস্থান সমূহক, ৰাজ্যিক ভিত্তিত/UT ভিত্তিত, প্ৰযুক্তিগত প্ৰকল্পৰ প্ৰদৰ্শনী আয়োজন কৰাত অৰ্থনৈতিক সহযোগিতা আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ প্ৰযুক্তিগত জ্ঞান আৰু উদ্ভৱকাৰ প্ৰদৰ্শনীৰ বাবে এখন মঞ্চ প্ৰদান কৰি তেওলোকৰ ব্যৱহাৰিক প্ৰতিভাক বিকশিত কৰাটোৱে ইয়াৰ উদ্দেশ্য। এনে প্ৰতিভাক প্ৰদৰ্শীত কৰি ব্যৱহাৰিক /উদ্ভাৱনী/ ব্যৱসায়িক ভাবে ব্যৱহাৰ্য্য প্ৰডাক্টলৈ পৰিণত কৰাটোও ইয়াৰ উদ্দেশ্য। উদ্যোগী কাৰ্য্যকলাপ আৰু পেটেন্টৰ/IPR ইত্যাদিৰ ৰেজিষ্টাৰৰ ক্ষেত্ৰটো ই পদক্ষেপ লোৱাত আগ্ৰহী।

প্ৰকল্পৰ বিশদ বৰ্ণনা-
http://www.aicte-india.org/downloads/Innonation%20promotion%20Scheme.pdf ৰ পৰা ডাউনলোড কৰিব পাৰে।

উদ্যমশীলতা বিকাশ কোষ

উদ্দেশ্যঃ

এই প্ৰকল্পটো এ আই চি টি ই (AICTE)ৰ মান্যতাপ্ৰাপ্ত পলিটেকনিক আৰু কাৰিকৰী শিক্ষানুস্থানৰ স্নাতক ছাত্ৰ-ছাত্ৰী সকলক উ্তসাহ যোগোৱাৰ উদ্দেশ্যৰে উন্মোচন, আৰম্ভ কৰা হৈছিল, যাতে তেওঁলোক স্ব-নিযুক্তিক এক বিকল্প বৃত্তি হিচাপে গ্ৰহণ কৰে আৰু মডিউলাৰ পাঠ্যক্ৰমৰ জৰিয়তে উদ্দোমিতাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু পৰিচালনাৰ প্ৰাসংগিকতা বৃদ্ধিত গুৰুত্ব দিছিল, বিশেষকৈ নন-কপোৰেট আৰু আণ্ডাৰমেনেজড চেকটৰ/বিভাগৰ ক্ষেত্ৰত।

প্ৰকল্প উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হল-

  • আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কাৰ্য্যসূচীৰ জৰিয়তে স্বনিযুক্তি আৰু উদ্যোগিক বিকাশৰ পৰিবেশ সৃষ্টি কৰা।
  • ডিপ্লমা আৰু স্নাতক পৰ্য্যায়ৰ পাঠ্যক্ৰমত উদ্যমিতাৰ/ উদ্যোগিক ধাৰনাক পৰিচয় কৰায় দিয়াৰ।
  • নন-কৰপোৰেট আৰু অসাংগঠনিক ক্ষেত্ৰ যেনে- শিক্ষা,গাওঁ-উন্নয়ন,ক্ষুদ্ৰ-উদ্যোগ ইত্যাদিৰ বাবে উপযুক্ত স্তৰত, পৰিচালক ব্যক্তিৰ বিকাশ কৰা।
  • নন-কৰ্পৰেট আৰু অসাংগঠনিক ক্ষেত্ৰৰ বিকাশৰ বাবে থকা আন্তগাথনিৰ সুবিধা সমূহ আৰু প্ৰযুক্তিগত ভাবে প্ৰশিক্ষিত মানৱ শক্তিৰ সদব্যৱহাৰ কৰা।

নিযুক্তিৰ সুযোগ বৃদ্ধিকৰা।