I am now accessing as a :

Government Of Assam Higher Education DIRECTORATE OF TECHNICAL EDUCATION

পলিটেকনিক/(কাৰিকৰী) প্ৰতিষ্ঠানৰ বৃত্তান্ত/প্ৰফাইল

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান

১৯৪৮ চনত স্থাপিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, অসমৰ এখন প্ৰধান কাৰিকৰী শিক্ষানুষ্ঠান। ৰাজ্যিক কাৰিকৰী শিক্ষা পৰিষদৰ ই অধীনস্থ। গুৱাহাটী চহৰৰ মাজমজিয়া চানমাৰিত ইয়াৰ চৌহদ। ৰেল ষ্টেশ্যন (৩ কিলোমিটাৰ) আৰু বিমান বন্দৰ (২৮ কিলোমিটাৰ)ৰ পৰা ইয়াৰ যোগাযোগ বৰ সূচল/সুবিধাজনক। তাৰোপৰি গুৱাহাটী যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰহ দুৱাৰমুখ বুলিব পাৰি, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতো যোগাযোগ উন্নত।

ছোৱালী কাৰিকৰী প্ৰতিষ্ঠান, গুৱাহাটী

১৯৬৪ চনত স্থাপিত ছোৱালী কাৰিকৰী প্ৰতিষ্ঠানন গুৱাহাটীৰ বামুণীমৈদামত অৱষ্ঠিত আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত, ৰাজ্যিক কাৰিকৰী শিক্ষা পৰিষদৰ অধিভুক্ত, অসম চৰকাৰে চলাই থকা এখন ডিপ্লোমা পৰ্যায়ৰ কাৰিকৰী প্ৰতিষ্ঠান। ইয়াৰ সকলো পাঠ্যক্ৰম ভাৰত চৰকাৰৰ মানৱ সম্পদ আৰু উন্নয়ন মন্ত্ৰালয়ৰ, কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। এইখন উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ পুৰণি কাৰিকৰী প্ৰতিষ্ঠান, যি মহিলাক তিনি বছৰীয়া ডিপ্লোমা প্ৰদান কৰে।

বঙাইগাঁও কাৰিকৰী প্ৰতিষ্ঠান

অভিযান্ত্ৰিক ডিপ্লোমা প্ৰদান কৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ উপত্যকাৰ একমাত্ৰ প্ৰধান কাৰিকৰী প্ৰতিষ্ঠান হল বঙাইগাঁও কাৰিকৰী প্ৰতিষ্ঠান। ১৯৮৬ চনৰ ৪ নৱেম্বৰত মাথো চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ ৩৫জন শিক্ষাৰ্থীৰে ই যাত্ৰা আৰম্ভ কৰিছিল।

শিলচৰ কাৰিকৰী প্ৰতিষ্ঠান

অসম চৰকাৰে ১৯৬০ চনত শিলচৰ কাৰিকৰী প্ৰতিষ্ঠান আৰম্ভ কৰে। শ্ৰী কে. গল্ডস্মিথ ইয়াৰ প্ৰতিষ্ঠাতা অধ্যক্ষ আছিল। চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লোমা পাঠ্যক্ৰমৰে আৰম্ভ কৰা প্ৰতিষ্ঠানখনে বৰ্তমান ৪টা বিষয়ত ৩-বছৰীয়া ডিপ্লোমা যেনে- চিভিল, মেকানিকেল, ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিকচ এণ্ড টেলিকমিউনিকেশ্যনৰ ডিপ্লোমা প্ৰদান কৰে। অসমৰ দক্ষিণ পাৰৰ বৰাক উপত্যকাৰ ই একমাত্ৰ কাৰিকৰী ডিপ্লোমা প্ৰতিষ্ঠান, যি সুস্থ অৱস্থাৰ বিভাগীয় গৱেষণাগাৰ, কম্পিউটাৰ গৱেষণাগাৰ আৰু সংস্থাপন কোষ/কেন্দ্ৰৰ সৈতে অভিযান্ত্ৰিক ডিপ্লোমা শিক্ষাৰ এক উত্তম গতি নিৰ্দ্ধাৰণ কৰি আহিছে। সংস্থাপনৰ সুন্দৰ হাৰেৰে ই এক অনন্য প্ৰতিষ্ঠান।

নগাঁৱ কাৰিকৰী প্ৰতিষ্ঠান

নগাঁৱ কাৰিকৰী প্ৰতিষ্ঠান নগাঁৱৰ পানীগাঁৱৰ পলিপথত অৱস্থিত এখন চৰকাৰী প্ৰতিষ্ঠান। ২০০০ চনত ই স্বীকৃতি লাভ কৰে।

প্ৰিন্স অৱ ৱালেছ, যোৰহাট

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ৱাৰ টেকনিকেল স্কুলখন প্ৰিন্স অৱ ৱালেচ অভিযান্ত্ৰিকআৰু প্ৰযুক্তি প্ৰতিষ্ঠান নামেৰে উত্তৰ-পূব ভাৰতৰ এখন অগ্ৰণী কাৰিকৰী শিক্ষানুষ্ঠান। ১৯২৮ চনত একেবাৰে আৰম্ভণি অৱস্থাত, মেকানিকৰ চাৰ্টিফিকেট/পাঠদান কৰা হৈছিল আৰু তেওঁলোকক আমেৰিকান সৈন্যৰ বিভিন্ন কামত নিয়োগ কৰা হৈছিল। প্ৰতিষ্ঠানখন ১৯২৭ চনত স্থাপন কৰা হৈছিল। সেই সময়ৰ অসমৰ বিখ্যাত কাঠৰ ব্যৱসায়ী স্বৰ্গীয় ভোলাৰাম বৰুৱা দেৱে এক লাখ টকা, ব্ৰিটিছ চৰকাৰক ১৯২২ চনত এখন কাৰিকৰী স্কুল প্ৰিন্স অৱ ৱালেচৰ নামত যোৰহাটত স্থাপনৰ বাবে প্ৰদান কৰিছিল। এখন সম্পূৰ্ণ কাৰিকৰী প্ৰতিষ্ঠান হিচাপে, ই ১৯২৮ চনৰ ১৬ জানুৱাৰীত গতি লাভ কৰে।

ডিব্ৰুগড় কাৰিকৰী প্ৰতিষ্ঠান

ডিব্ৰুগড় কাৰিকৰী প্ৰতিষ্ঠান উজনি অসমৰ একমাত্ৰ ডিপ্লোমা পৰ্যায়ৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান। ১৯৬৫ চনত ই স্থাপিত। ডিব্ৰুগড় জিলাৰ লাহোৱালত স্থাপিত প্ৰতিষ্ঠানখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১.৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত। সেউজী চাহ বাগিচাৰে আৱৰি থকা, প্ৰতিষ্ঠানখনৰ পৰিবেশ অধ্যয়নৰ বাবে অতি উত্তম। ডিব্ৰুগড় আৰু কাষৰ জিলাসমূহৰ উদ্যোগসমূহত ই সফলতাৰে কাৰিকৰী জনশক্তি/প্ৰযুক্তিগত জনশক্তি যোগান ধৰি আহিছে। প্ৰতিষ্ঠানখন অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ আৰু কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

আৱাসিক ছোৱালী কাৰিকৰী প্ৰতিষ্ঠান, গোলাঘাট

গোলাঘাট আৱাসিক ছোৱালী কাৰিকৰী প্ৰতিষ্ঠানখন উজনি অসমৰ একমাত্ৰ ছোৱালী কাৰিকৰী প্ৰতিষ্ঠান। দুটা ভিন্ন বিষয় – ইলেকট্ৰনিকচ এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনীয়াৰিং আৰু টেক্সটাইল কেমেষ্ট্ৰিৰ ডিপ্লোমা এই প্ৰতিষ্ঠানে প্ৰদান কৰে। ১২০জন শিক্ষাৰ্থীৰ বাবে ছাত্ৰীনিবাসৰ ব্যৱস্থা আছে। পুলিবৰত অৱস্থিত প্ৰতিষ্ঠানখন গোলাঘাট চহৰৰ পৰা ৩.৫ কিলোমিটাৰ নিলগত।

অসম বস্ত্ৰশিল্প প্ৰতিষ্ঠান

অসম টেক্সটাইল প্ৰতিষ্ঠান, স্বৰ্গীয় ৰায় বাহাদুৰ বৰুৱা দেৱে, ১৯২০ চনত স্থাপন কৰা এখন প্ৰধান প্ৰতিষ্ঠান। অসম টেক্সটাইল প্ৰতিষ্ঠান (এ.টি.আই) একেধাৰে টেক্সটাইল প্ৰযুক্তি, গাৰমেণ্ট প্ৰযুক্তি আৰু ফেশ্বন প্ৰযুক্তিৰ পাঠ্যক্ৰম প্ৰদান কৰা একমাত্ৰ প্ৰতিষ্ঠান।

ডিফু কাৰিকৰী প্ৰতিষ্ঠান

ডিফু কাৰিকৰী মহাবিদ্যালয় আলং (অসম) পিন নং-৭৮২৪৬০ত অৱস্থিত বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত এখন মহাবিদ্যালয়। ই সম্পূৰ্ণ ৰূপে এখন চৰকাৰী অনুদানপ্ৰাপ্ত কাৰিকৰী প্ৰতিষ্ঠান যি ডিপ্লোমাৰ পাঠ্যক্ৰম আগবঢ়ায় আৰু অসমৰ কাৰ্বি আংলং জিলাৰ একমাত্ৰ কাৰিকৰী প্ৰতিষ্ঠান।