১৯৫৫ চনত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় গুৱাহাটীৰ দক্ষিণ-পশ্চিম অংশৰ জালুকবাৰীত স্থাপন কৰা হয়। উত্তৰে গুৱাহাটী বিশ্ববিদ্যালয়, দক্ষিণে দ্বীপৰ বিল, পূবত আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু পশ্চিম অসম পুলিচ ৰেডিঅ সংস্থাই আৱৰি থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় মাথো শিক্ষাৰ ক্ষেত্ৰতেই নহয়, দৰ্শনাৰ্থীৰ কাৰণেও এক আকৰ্ষণীয় ক্ষেত্ৰ। মহাবিদ্যালয়খনৰ পৰিসৰ/এলেকই প্ৰায় ৪০০ একৰ ভূমি আৱৰি আছে। চিভিল ইঞ্জিনীয়াৰিং বিভাগেৰে আৰম্ভ হোৱা কলেজখনে কেইবছৰমানৰ ভিতৰতে ইঞ্জিনীয়াৰিঙৰ আন আন বিভাগসমূহো আৰম্ভ কৰে। বৰ্তমান ই ইঞ্জিনীয়াৰিঙৰ আঠটা বিভিন্ন বিষয়ত ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী, চিভিল, মেকানিকেল আৰু ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু কম্পিউটাৰৰ স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে। প্ৰতিটো বিভাগৰ অধীনত পি.এইচ.ডি. প্ৰগ্ৰেমো প্ৰদান কৰে। এ.ই.চি.ৰ সকলো পাঠ্যক্ৰম গুৱাহাটী মহাবিদ্যালয়ৰ সংসৃষ্ট।
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, দ্বিতীয়খন অসমৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, যি পঞ্চাশ বছৰ অতিক্ৰম কৰিলে। ১৯৫৯ চনৰ ৭ জানুৱাৰীত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ইনষ্টিটিউট অব ইঞ্জিনীয়াৰিং আৰু টেকনোলজী, যোৰহাটৰ সেই সময়ৰ অধ্যক্ষ শ্ৰী এইচ.এন. বৰুৱা, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো ভাৰপ্ৰাপ্ত অধ্যক্ষ। ১৯৬০ চনৰ ১০ অক্টোবৰত মহাবিদ্যালয়খনত প্ৰথম বেটছটো চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰে আৰম্ভ কৰিছিল।
গৌৰৱপূৰ্ণ যাত্ৰা অতিক্ৰমি মহাবিদ্যালয়খনে বৰ্তমান এ.আই.চি.টি.ই.ৰ স্বীকৃতিপ্ৰাপ্ত বি.ই. পাঠ্যক্ৰম, ইলেকট্ৰিকেল, মেকানিকেল, কম্পিউটাৰ বিজ্ঞান আৰু ইঞ্জিনীয়াৰিং আৰু ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং আৰু মেকানিকেল ইঞ্জিনীয়াৰিঙত এম.ই. পাঠ্যক্ৰম, চিভিল ইঞ্জিনীয়াৰিঙত এম.ই. পাঠ্যক্ৰম আৰু ইলেকট্ৰিকেল আৰু ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিঙত এম.ই. পাঠ্যক্ৰম প্ৰদান কৰে। মহাবিদ্যালয়খনে ১৯৮৭ চনৰ পৰা কম্পিউটাৰ প্ৰযুক্তিত স্নাতকোত্তৰকে ধৰি তিনি বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমো আগবঢ়াই আহিছে।
বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়, বৰাক উপত্যকাত অসম চৰকাৰৰ দ্বাৰা প্ৰথমখন আৰু ৰাজ্যৰ পঞ্চমখন চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়। অসম চৰকাৰে ২০০৯ চনৰ এই মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ পদক্ষেপ লয় আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়, অসমৰ অধীনত ২০১৭ চনত ইয়াক সম্পূৰ্ণ কাৰ্যকৰী কৰে। মহাবিদ্যালয়খনৰ কেম্পাচ/চাৰিসীমা/পৰিসীমা পি.ডব্লিউ.ডি. গ্ৰামীণ পথৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ হৈ আছে।
কোকৰাঝাৰ জিলাত ২০০৮ চনত অসম চৰকাৰে বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰে। ২০০৬ চনত চৰকাৰে ঘোষণা কৰে যে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ প্ৰয়োজনীয়তা আছে। মহাবিদ্যালয়খন কোকৰাঝাৰ চহৰৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত চন্দ্ৰপাৰা নামৰ গাঁৱত স্থাপন কৰা হৈছে। বড়ো জনগোষ্ঠীৰ বিশিষ্ট নেতা আৰু বড়ো সাহিত্য সভাৰ সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ নামত মহাবিদ্যালয়খনৰ নাম ৰখা হৈছে। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আৰু কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত।
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, চমুকৈ জে.আই.এছ.টি., যোৰহাটৰ ই এখন স্নাতক পৰ্যায়ৰ বিজ্ঞান মহাবিদ্যালয় আছিল, যত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু অংকশাস্ত্ৰ প্ৰধান বিষয় বা পাঠ্যক্ৰম আছিল। ২০০৭ চনত শিক্ষানুষ্ঠানখনক প্ৰসাৰৰ উদ্দেশ্যে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান নামেৰে নতুনকৈ নামাকৰণ কৰা হয়। কম্পিউটাৰ বিজ্ঞান আৰু তথ্যপ্ৰযুক্তিৰ নতুন বিভাগ ২০০৭ চনত আৰম্ভ কৰি বি.এচ.চি (আই.টি.)ৰ তিনিবছৰীয়া বৃত্তিগত পাঠ্যক্ৰম আগবঢ়ায় আৰু দুটা অভিযান্ত্ৰিক শাখা – ইলেকট্ৰনিকছ আৰু টেলিকমিউনিকেশ্যন আৰু পাৱাৰ ইলেকট্ৰনিকছ আৰু ইনষ্ট্ৰুমেণ্টেচন নামেৰে ২০০৯ চনৰ আগষ্টৰ পৰা আৰম্ভ কৰে। ২০১৬-১৭ শিক্ষা বৰ্ষৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং আৰু চিভিল ইঞ্জিনীয়াৰিং নামেৰে দুটা শাখা/বিভাগ আৰম্ভ কৰে। প্ৰতিষ্ঠানটোৰ মূল লক্ষ্য আৰু অভিযানত সফল হোৱাৰ/কৰাৰ উদ্দেশ্যে ২০১৬ৰ আগষ্টৰ পৰা, স্নাতকোত্তৰ পাঠ্যক্ৰম যেনে- পদাৰ্থ বিজ্ঞানত আৰু অংকশাস্ত্ৰত এম.এচ.চি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত প্ৰদান কৰাৰ লগতে এই বছৰ অৰ্থাত্ ২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা ৰসায়ন বিজ্ঞানত এম.এচ.চি পাঠ্যক্ৰম আৰম্ভ কৰিছে।
প্ৰতিষ্ঠানটোৰ আই.জি.এন.অ.ইউৰ অধীনত এটা দূৰ শিক্ষা কেন্দ্ৰও আছে আৰু ই সমান্তৰালকৈ এই প্ৰতিষ্ঠানৰ বাহিৰৰ শিক্ষাৰ্থীলৈও বি.এচ.চি. পাঠ্যক্ৰম আগবঢ়াই আছে।